জোনাকৰ সন্ধানত (Jonakar Khandhanat)
তৃতীয় খণ্ড
আপুনি ভৱাৰ দৰে মই কোনো সমাজ সেৱিকা নহওঁ, লেখিকা বা কবিওঁ নহওঁ। সমাজ সংস্কাৰৰ ওপৰত আগবঢ়োৱা আপোনাৰ যুক্তিখিনিক মই নুই কৰিব নোৱাৰোঁ। কিন্তু কি জানে,, কেবল আপুনি বা মই সমাজ সংস্কাৰ কৰিব নোৱাৰোঁ। সমাজৰ প্ৰত্যেক গৰাকী ব্যক্তিয়ে যিদিনা নিজকে সংশোধন কৰিব পাৰিব, সেইদিনাহে সমাজখন নিকা তথা সুন্দৰ সংস্কাৰে ভৰি পৰিব।
আপুনি ঠিকেই কৈছে, কোনো অধিকাৰ নাই আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত মই দখল কৰিবলৈ তেনে মানসিকতাও নাই মোৰ। আচলতে আপোনাৰ মনত সমস্ত নাৰী জাতিটোৰ প্ৰতি থকা যি ঘৃণা তথা আক্ৰোশ, মই সেই মনোভাৱ খিনিহে আতৰাবলৈ যত্ন কৰিছিলোঁ। কাৰণ মই এনে এগৰাকী নাৰীক জানো,, যিগৰাকী আপোনাৰ পৰাওঁ বেছি দুৰ্ভগীয়া। এদিন আপোনাৰ দৰে তায়ো সমস্ত লৰা জাতিটোক ঘৃণাৰ চকুৰে চাইছিল। কিন্তু এদিন সময়ে তাইক শিকাই দিলে, কেবল এজন লৰা বা এজনী ছোৱালীৰ বাবেই সমস্ত লৰা নতুবা ছোৱালী জাতিটো বেয়া হব নোৱাৰে। ভাল বেয়া উভয় পক্ষতে আছে। তেতিয়াৰ পৰাই তাইৰ মনত কোনো লৰাৰ প্ৰতি আক্ৰোশ তথা ঘৃণনীয় মনোভাৱ নাই,, মাথোঁ সেই লৰাজনক বাদ দি,, যিজনে তাইৰ প্ৰেমক এদিন ভৰিৰে মোহাৰি তাইৰ পৰা বহুদূৰলৈ আতৰি গৈছিল।
আপুনিটো আপোনাৰ প্ৰেয়সীক বিবাহৰ প্ৰস্তাৱহে দিছিল, কিন্তু সেই ছোৱালীজনীয়ে এটা বছৰ অনামিকা আঙুলিটোত কঢ়িয়াই লৈ ফুৰিছিল প্ৰেমিকজনে নিয়ম কানুনৰ মাজেৰে তাইক পিন্ধোৱা আঙঠিটোৰ বন্ধন। বহুত দৰিদ্ৰ পৰিয়ালৰ আছিল যদিও পঢ়াত বহুত মেধাৱী আছিল তাইৰ প্ৰেমিকজন। জীৱন সংগ্ৰামত বাৰে বাৰে উজুতি খাইছিল যদিও তাইৰ মৰম আৰু প্ৰেৰণাই তাক বহুত শক্তি যোগাইছিল। এদিন প্ৰতিষ্ঠিত হল কৃতকাৰ্য্যতাৰ পদূলিত। জীৱনৰ প্ৰথম দৰমহাৰ টকাৰে তাইৰ অনামিকা আঙুলিটোত গুজি দিলে এটা মৰমৰ বন্ধন। হঠাতে এবছৰৰ বাবে অসমৰ বাহিৰত যাব লগা হল লৰাজন। বিশেষ এটা ট্ৰেইনিঙৰ বাবে। লাহে লাহে সি যেন তাইৰ পৰা যেন বহুদূৰলৈ গুচি গৈছিল, আৰু এদিন সি তাইৰ মৰমৰ অভিমান তথা অভিযোগ বোৰৰ এটা আচৰিত উত্তৰ দি কৈছিল "অলপ আপটুডেট হবলৈ শিকা, পেনপেনীয়া প্ৰেম কৰি থাকিবলৈ মই এতিয়া গাৱঁৰ বেকৱাৰ্ড ঠাইত খোপনি পুতি থকা নাই, বাহিৰত অপেন ৰিলেশ্ব্যনশ্বিপ তেনেই সাধাৰণ কথা।"
তাৰ কিছুদিন পিছতে এখন বিবাহৰ নিমন্ত্ৰণী পত্ৰ আহিছিল,যত তাইৰ নামটোৰ পৰিবৰ্ত্তে কোনোবা এজনী ৰাজকুমাৰীৰ নাম ছপা হৈছিল। বহুত কষ্ট হৈছিল তাইৰ অনামিকা আঙুলিটোক মুক্ত কৰিবলৈ। বহুত হতাশ হৈছিল তাই, আত্মহত্যাৰ দৰে নীচ মনোভাৱেও মনত বাহ লৈছিল। কিন্তু তেনে নীচ কৰ্ম কৰি তাই নিজ জন্মদাত্ৰী মাতৃৰ গৰ্ভ আৰু পিতৃৰ গৌৰৱক ম্লান কৰিব নোৱাৰিলে। প্ৰতাৰণা,, বিশ্বাসঘাটকতা আদি শব্দ দুটাকে মূল অস্ত্ৰ হিচাপে লৈ আগবাঢ়িল জীৱন সংগ্ৰামত আৰু আজি তাই এগৰাকী সফল নাৰী।
সময়ৰ ওপৰত তাইৰ সেইদিনাই বিশ্বাস ঘূৰি আহিছিল, যিদিনা তাই প্ৰাক্তন প্ৰেমিকজনক সুৰাৰ ৰাগীত হঠাতে আবিষ্কাৰ কৰিছিল। তেওঁক পত্নীয়ে ডিভোৰ্চ দিলে, কাৰণ তেওঁৰ পত্নীয়ে সন্তান আশা নকৰে, তেনেকুৱা জঞ্জালত সোমাই হেনোঁ নিজৰ জীৱন তথা ৰূপ সৌন্দৰ্য্য নষ্ট কৰিবলৈ তাই ইমান বেকৱাৰ্ড নহয়। সেয়ে তাই নিজ ইচ্ছাৰে গৰ্ভস্থ সন্তান নষ্ট কৰিছিল।। বৰ্তমান তাই প্ৰবাসী এজনৰ লগত লিভিং টুগেদাৰ কৰি আছে।
নিজৰ বিবাহিত জীৱনৰ ট্ৰেজেদি বোৰ বৰ্ণনা কৰি থকাৰ মাজতেই প্ৰেমিকজনে তাইৰ অনামিকা আঙুলিটো স্পৰ্শ কৰি পুনৰ এটা সম্পৰ্কৰ সৃষ্টি কৰিব খুজিছিল,সি জনাই নাছিল যে তাৰ প্ৰেমিকাজনীয়ে নিজকে প্ৰস্তুত কৰি তুলিছিল ইতিমধ্যে প্ৰচণ্ড সংঘাতৰ সৈতে যুঁজিবলৈ। সেয়ে তাইৰ শক্তিশালী মনটোৱে প্ৰত্যুত্তৰ দিছিল এটা প্ৰচণ্ড চৰৰ দ্বাৰা।
No comments:
Post a Comment