Breaking

Saturday, 20 June 2020

জোনাকৰ সন্ধানত _ Jonakar Khandhanat | Story দ্বিতীয় খণ্ড


জোনাকৰ সন্ধানত (Jonakar Khandhanat)




দ্বিতীয় খণ্ড

নিশি আহাচোন যুবকজনৰ লগত মোক চিনাকি কৰাই দিবা। হঠাৎ পাহিৰ পুৰণি স্বভাৱটোৱে উক দিলে। তাইৰ অনুসন্ধিৎসু মনটো হঠাতে সাৰ পালে। ৰহস্য উদ্ঘাটন নকৰালৈকে তাই এতিয়া এটা চাটিফুটিত কটাব লাগিব।

কি কৈছা তুমি পাহি ? তুমি কি জানিব খুজিছা তেওঁৰ পৰা, সুৰাৰ মাতাল ৰাগীত যদি তোমাক মিছ বিহেভ কৰে ?

সেইবোৰ তুমি চিন্তা কৰিব নালাগে, মই সহজভাৱে লম। শান্তভাৱে কলে পাহিয়ে।

নিশিয়ে জানে পাহিৰ স্বভাৱটো, তাইৰ এই আকোৰগোঁজ স্বভাৱটো সলনি কৰা শক্তি নিশিৰ তিলমানো নাই।

দুয়োজনী এখোজ দুখোজকৈ ৰেষ্টোৰেণ্ট খনৰ একোনত বহি থকা পৰাণ চলিহাক লক্ষ্য কৰি আগুৱাই গল।

পৰাণৰ লগত প্ৰথমে নিশিয়ে যাৱতীয় দুই এটা কথা পাতিবলৈ আৰম্ভ কৰিলে। আৰু কথাৰ মাজতে পাহিক চিনাকী কৰাই দিলে। যুৱকজনে প্ৰতি নমস্কাৰ জনোৱাৰ পৰিবৰ্ত্তে সামান্য পৰিমানে মূৰটো লৰালে মাথো। পৰাণৰ তেনে ব্যবহাৰত নিশি অলপ অপ্ৰস্তুত হৈছিল যদিও পাহিয়ে মিঁচিকিয়া হাঁহি এটাৰে সহজভাৱে আদৰণি জনোৱাত নিশি সহজ হল। পাহিৰ ইঙ্গিতক সমৰ্থন জনাই ফোন এটা কৰাৰ অজুহাত দেখুৱাই নিশি বাহিৰৰ ফালে খোজ ললে।

কিছুসময় নীৰৱতাৰ মাজেৰেই পাৰ হল। পৰাণে যে পাহিক উপযাচি কিবা সুধিব তিলমানো আশংকা নেদেখি তাই নিজেই আৰম্ভ কৰিলে।

বেয়া নাপায় যদি মোক আপুনি অলপ সময় দিব নেকি??

এজন অচিনাকি ব্যক্তিৰ পৰা সময় বিচৰাৰ অৰ্থ কি নুবুজিলোঁ।

মই জানিব খুজিছিলোঁ আপুনি দিন দুপৰতে এনেকৈ মদৰ ৰাগীত মত্ত হৈ থকাৰ কাৰণ কি।

Are You Any Problem Miss ? ইতিকিং কৰি কলে পৰাণে।

হয় প্ৰব্লেম আছে মোৰ, আপুনি এনেকৈ নৱপ্ৰজন্মক কি শিক্ষা দিব ? এইখন ৰেষ্টোৰেণ্টত সৰুৰ পৰা বয়সস্থ জনলৈকে বিভিন্ন ব্যক্তিৰ আগমন ঘটে, তেওঁলোকে কি ভাৱিৱ বা শিকিব আপোনাৰ দৰে ব্যক্তিৰ পৰা।

Hlw Miss, আপুনি মোৰ Personal Life টোত মাত নমতাকৈ থকাতেই মংগল। মোক নীতিশিক্ষাৰ প্ৰয়োজন নাই।। ইমানেই যদি সমাজ সংস্কাৰ কৰিব মন আছে, যাওক পথৰ দাঁতিত থকা ডাষ্টবিন, নলা নৰ্দমাবোৰ খুচৰি চাওক, কাৰোবাৰ অবৈধ পাপৰ বলী হৈ মৃত্যুক সাৱটি লোৱা বহু দেৱশিশু উদ্ধাৰ কৰিব পাৰিব। মাজৰাতি ৰাস্তাৰ কাণত দলিয়াই থৈ যোৱা বহুতো দুৰ্ভগীয়া পিতৃ মাতৃ উদ্ধাৰ কৰিব পাৰিব। এইবোৰ মহৎ কাম কৰক পূণ্য হব জীৱন। মই, আপুনি ভৱাৰ দৰে উশৃংখল মদাহী নহয়। কাকো অশান্তি দিয়া নাই আৰু দিবও নোখোজোঁ, So Please Leave Me Alone, আৰু শুনক যদি ভাৱিছে মোক লৈ কিবা কবিতা, গল্প উপন্যাস লিখি Famous হোৱাৰ সপোন। সেইবোৰ চিন্তা এৰক, মোৰ দৰে এজন সাধাৰণ ব্যক্তিৰ লগত সময় নষ্ট কৰাতকৈ সমাজৰ প্ৰখ্যাত লোকসকলৰ জীৱন বুৰঞ্জী অধ্যয়ন কৰক, বহুত যশ হব আপোনাৰ।

আচৰিত হল পাহি, নাৰীৰ প্ৰতি ইমান জিঘ্ৰাংসা পৰাণৰ হৃদয়ত। সন্মুখত এজনী সুন্দৰী নাৰী বহি থাকিলে যিকোনো এজন পুৰুষেই দুআষাৰ কথা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিব নিশ্চয়। আৰু পৰাণ ইমান ব্যতিক্ৰমী। কিন্তু পাহিও অন্যন্যা, তাই এই ব্যক্তিজনক উচিত পথলৈ আনিবই, দৃঢ় প্ৰতিজ্ঞা কৰিলে তাই সংগোপনে।


তৃতীয় খণ্ড:-



No comments:

Post a Comment