Breaking

Saturday, 20 June 2020

জোনাকৰ সন্ধানত _ Jonakar Khandhanat | চতু্ৰ্থ খণ্ড (শেষ খণ্ড) Story



জোনাকৰ সন্ধানত (Jonakar Khandhanat)




চতু্ৰ্থ খণ্ড (শেষ খণ্ড)

এতিয়াও যদি আপুনি ভাৱে নিজকে দুৰ্ভগীয়া বুলি, তেন্তে মই কম আপুনি ভীষণ স্বাৰ্থপৰ। অনাধিকাৰ স্বত্বেও বহুত সময় ললোঁ আপোনাৰ, ক্ষমা কৰিব। আশা কৰোঁ এইয়াই আমাৰ প্ৰথম আৰু শেষ সাক্ষাৎ আহো।

Just One Minute Please, ছোৱালীজনীৰ নামটো কি বাৰু, Because I Want To Meet Her,,

পাহি, পাহি বৰুৱা তাইৰ নাম। আৰু সেইজনী আন কোনো নহয়, আপোনাৰ সন্মুখত ৰৈ থকাজনীয়ে সেই দুৰ্ভগীয়া ছোৱালীজনী।

হঠাৎ পৰাণৰ হাতৰ পৰা সুৰাৰ গিলাচটো মজিয়াত চিটিকি পৰিল। ছলনাময়ী নাৰী লগ পাইছে সি কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে দুৰ্গতিনাশিনী ৰূপী নাৰী এগৰাকীক লগ পালে আজি।

খিৰিকীখন খুলি দিয়াৰ লগতেই পচুৱা এচাতিয়ে চুমা দি গল পাহিৰ দুগালত। আজি যেন তাইৰ পদূলীত পাৰিজাত ফুলিছে। তাইৰ এটা সন্মতিয়ে ঘৰখনক স্বৰ্গীয় জ্যোতিৰে সজাই তুলিছে। লৰাজনে হেনোঁ তাইক দেখিছে, সেয়ে মাক দেউতাকৰ লগত অহা নাছিল। মাক দেউতাকৰ খুবেই পচন্দ পাহিক। সেয়ে এসপ্তাহৰ ভিতৰত ৰিং চেৰেমনি আৰু অহামাহত বিয়াৰ তাৰিখেই ঠিক কৰি দিলে। পাহিৰ মাকে লৰাজনৰ নামটো কব লওতেই তাই মানা কৰিলে। নাম তথা সৌন্দৰ্য্যৰে তাই কাকো চিনিব নোখোঁজে। তদুপৰি বৰ্তমান পৃথিৱীৰ শ্ৰেষ্ঠ বিশ্বাসী বন্ধু হৈছে তাইৰ পিতৃ মাতৃ। তেওঁলোকৰ সিন্ধান্ত কেতিয়াও ভুল নহয়, এইয়া তাইৰ দৃঢ় বিশ্বাস।

"পাহি হাতখন আগুৱাই দিয়া আকৌ" । এটা মিঠা নাৰী কন্ঠই তাইৰ অন্তৰাত্মা কঁপাই তুলিলে। তাই বাৰু ইমান ডাঙৰ ভুল কেনেকৈ কৰিলে??যাৰ লগত তাই এটা পবিত্ৰ সম্পৰ্ক গঢ়িব খুজিছে তেওঁক এবাৰ লগ কৰি অতীতৰ সকলোবোৰ কথা খুলি কোৱা উচিত আছিল। পিছত যদি তাই প্ৰতাৰিতা আখ্যা পায়,, কেনেকৈ সহিব,, নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিব তাই।

নাই তাই আৰু ভুল নকৰে, এইটোৱেই উপযুক্ত পৰিৱেশ। সকলোকে স্পষ্টকৈ কৈ দিব। পিছত তাইক স্বীকাৰ নকৰিলেও তাইৰ আপত্তি নাই। প্ৰচণ্ড মনোবল গোটাই মূৰটো ওপৰ কৰোতেই লৰাজনৰ চকুত চকু পৰিল। এজোৰ উজ্জ্বল নয়নেৰে এখন মৰম লগা মুখৰ অধিকাৰী জন আন কোনো নহয়,, তেওঁ হল পৰাণ চলিহা। যিজনক শুদ্ধ পথলৈ আনিবলৈ পাহিয়ে অতীতৰ প্ৰতিটো পৃষ্ঠা পঢ়ি শুনাইছিল। শুকুলা মেঘৰ ঘোঁৰাত উঠি আজি যেন তাইৰ হৃদয়ে গতি কৰিব খুজিছে জোনাকৰ সন্ধানত আকাশৰ বুকুত। জীয়াই থকাৰ প্ৰবল হেঁপাহত তাই আলফুলে হাতখন আগবঢ়াই দিলে। অনামিকা আঙুলিটোত পৰাণৰ হাতৰ এটা মৃদু স্পৰ্শ অনুভৱ কৰিলে।

বি দ্ৰ: এই Story টো সম্পূৰ্ণ ৰূপে কাল্পনিক, গোটেই Story টো শেষলৈ পঢ়াৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো  


No comments:

Post a Comment