Breaking

Monday, 29 June 2020

এটা হৃদয়স্পৰ্শী অসমীয়া প্ৰেম কাহিনী | দ্বিতীয় খণ্ড | Heart Touching Assamese Love Story

Heart Touching Assamese Love Story - Assamese Romantic Love Story

নীহাৰিকা তুমি মোৰ আঁউসীৰ ৰাতিৰ

(দ্বিতীয় খণ্ড) 

হেই তুলিকা তোমাৰ দেউতাই accept কৰিছে। মই আজি বহুত সাহসেৰে তোমাৰ দেউতাক কৈ দিলোঁ আমাৰ সম্পৰ্কৰ কথা স্পষ্টকৈ। আৰু তোমাৰ দেউতাই কি কলে জানা" তোমাৰ দৰে এজন জোঁৱাই পোৱাটো মোৰেই সৌভাগ্য,, I'm really very happy today,,, এতিয়াও মোৰ সকলোবোৰ সপোন সপোন যেন লাগি আছে জানা। মই আজি বহুত মিঠাই লৈ যাম তোমাৰ ঘৰত। আৰু শুনা তোমাৰ কঁপালত প্ৰথম এটা আবেগৰ চুমা যাচিম,, যিটো চুমা সাক্ষী হৈ ৰব আমাৰ এই মধুৰ দিনটোৰ",

শেষবাৰৰ বাবে শুনিছিল তাৰ আবেগ ভৰা মিঠা মাতষাৰ। কিছু সময়ৰ পিছত খবৰ পালে,, অমৃতৰ কাৰ এক্সিডেণ্ট,,,

বহুত মেজৰ অপাৰেচন হ'ল অমৃতৰ,, ভগবানৰ কৃপাত সকলো ঠিকেই আছিল,,কিন্তু এটা খবৰে সকলোকে মৌন কৰি পেলালে,, অমৃতে বাক্ শক্তি হেৰুৱাই পেলাইছে। ঘৰৰ একমাত্ৰ ল'ৰা সি। মাক দেউতাকৰ আলাসৰ লাৰু,,, কিন্তু আজি নিষ্ঠুৰ নিয়তিয়ে সকলোবোৰ যেন ধূলিসাৎ কৰি দিলে ক্ষণিকতে।

হেই তুলিকা কি ভাৱি আছা,, ঘৰলৈ মনত পৰি আছে নেকি,, দুচকু চলচলীয়া যে?? বলা আজি ইভিনিং তোমাক পাৰ্টী এটাত লৈ যাম। হৰ্ঠাৎ অভিৰ মাত শুনি তুলিকা সচকিত হৈ পৰিল।।

তাইৰ এতিয়াও অবিশ্বাস্য যেন লাগিছে পাৰ্টীৰ কথাবোৰ ,, সৰল যেন লগা অভিৰ আচল চৰিত্ৰটো আজি তাইৰ দুচকুত ধৰা পৰি গ'ল। কিমানজনী ছোৱালীক যে তাইৰ সন্মুখতে আলিঙ্গন কৰিলে,, কিমান বাৰ সিহঁতৰ দুগাল চুমাৰে ওপচাই দিলে তাৰ কোনো হিচাপ নাই। আৰু বেছি দুখ লাগিছিল তেতিয়া,, যেতিয়া তাৰ বন্ধু কিছুমানে তাৰ সন্মুখতে তাইক আলিঙ্গন কৰিব খুজিছিল,,, তাইৰ গালত জৱৰদস্তি চুমা যাচিব খুজিছিল আৰু অভিয়ে আতৰৰ পৰা চাই চাই হাঁহি আছিল। তাৰে এজনৰ গালত প্ৰচণ্ড চৰটো বহুৱাৰ লগতেই অভিৰ হাতৰে যে প্ৰচণ্ড চৰ এটা তাইৰ গালত পৰিব তাই কল্পনাই কৰা নাছিল,, সেয়ে তাই বেছি মৰ্মাহত হৈছিল।

দিনে দিনে অভিৰ চৰিত্ৰৰ বেছি অধপতন হবলৈ ধৰিলে। আজিকালিটো কোনো কোনো সুন্দৰীক কাৰত বহুৱাই লৈ লং ড্ৰাইভত যায়। মাজে মাজে তুলিকাৰ লগত চিনাকী কৰি দিবলৈয়ো লৈ আহে। সেই অসহায় মূহূৰ্ত্তত অমৃতলৈ মনত পৰে তাইৰ। অমৃতে তাইৰ গাত কোনোবাই হাত দিয়াটো বাদেই, কোনোবাই তাইলৈ দৃষ্টি নিক্ষেপ কৰিলেই তাৰ বুকু জ্বলি পুৰি ছাই হৈ গৈছিল।

খবৰটো শুনি বহুত সুখী হ'ল তুলিকা,,, তাই মা হব ওলাইছে,, হওঁক এই সু-খবৰটোৱে নিশ্চয় অভিক সুখী কৰিব আৰু এটা দেৱশিশুৰ সৰল হাঁহিয়ে তাক শুদ্ধ পথলৈ লৈ আহিব, তাইৰ দৃঢ় বিশ্বাস।

ইয়েছ এবৰ্চন,, তুমি এবৰ্চন কৰিব লাগিব আজিয়েই। কাৰণ এতিয়াই মোৰ পিতৃ হোৱাৰ ইচ্ছা নাই,, whole life পৰি আছে, আজিয়েই যে সন্তান লাগিব তাৰ কি মানে আছে কোৱা?

কিন্তু তোমাৰ আপত্তি কিয়?

মই নিবিচাৰো এইবোৰ দায়িত্ববোধত সোমাই মোৰ life টো এতিয়াই বৰবাদ কৰিবলৈ।

আৰু ময়ো সিদ্ধান্ত লৈ ললোঁ, মই এবৰ্চন নকৰোঁ কোনো কাৰণতে।

যদি তুমি এবৰ্চন নকৰা মই মানি লবলৈ বাধ্য হম যে তোমাৰ গৰ্ভত থকা সন্তানটো মোৰ নহয়,, বেলেগৰ সন্তান আৰু তেতিয়া তোমাক মই ডিৰ্ভোচ দিম।

অভিৰ গালত এটা প্ৰচণ্ড চৰ শোধাই পিছদিনাখনেই তাই মুম্বাই এৰিলে। অভিৰ উশৃংখল চৰিত্ৰটো নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ পিছতো তাই হাঁহিমুখে সমৰ্থন কৰিলে তাৰ ঔৰসত সৃষ্টি হোৱা ভ্ৰূণটো। মাতৃত্বৰ সোৱাদেৰে সৰগ সজোৱাৰ সপোনত কালিমা সানিব খোজা অভিক তাই কেতিয়াওঁ ক্ষমা নকৰে।

একমাত্ৰ জীয়েকৰ এনে হৃদয় বিদাৰক ঘটনাবোৰ শুনি মাক দেউতাক শোকত ম্ৰিয়মান হল,, এনে লাগিল যেন এসময়ত তুলিকাই লোৱা সিদ্ধান্তটোৱে শ্ৰেষ্ঠ আছিল। বান্ধবী প্ৰিয়াৰ দ্বাৰাই তুলিকাৰ সকলোবোৰ খবৰ পাই থাকে অমৃতে।তাইৰ সুখেই তাৰো কাম্য।সি ভালকৈ জানে তাই কি সমস্যাৰ সন্মুখীন হৈ বিবাহপাশত আবদ্ধ হব লগা হ'ল।

তৃতীয় তথা শেষ খণ্ড...

No comments:

Post a Comment