Breaking

Sunday, 21 June 2020

সুুন্দৰ এটি প্রেম কাহিনী ( Beautiful Love Story )

সুুন্দৰ এটি প্রেম কাহিনী ( Beautiful Love Story )




কলেজত এজন ল'ৰাই এজনী ছোৱালীক মনে মনে বহুত ভাল পাইছিল,অলপ দিনৰ পাছত ল'ৰা জনে ছোৱালী জনীৰ সৈতে Friendship কৰিলে,

লাহে লাহে তেওঁলোক দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক গভীৰ হৈ পৰিল আৰু ল'ৰা জনৰ প্ৰেম ভালপোৱাও গভীৰ হৈ পৰিব ধৰিলে,

কিন্তু ল'ৰা জনে মনৰ কথা ছোৱালীজনীৰ সন্মুখত প্ৰকাশ কৰিবলৈ ভয় খাইছিল যদি ছোৱালী জনীয়ে তাৰ Propose Accept নকৰে আৰু যদি তাই বন্ধুত্ব ভাঙি পেলায় !!

ল'ৰা জনে বহুত কষ্ট সহ্য কৰি নিজৰ ভালপোৱা কথা গোপনে ৰাখে ছোৱালীজনীৰ পৰা,

লাহে লাহে কলেজ শেষ হ'ল আৰু তেওঁলোক দুয়ো এতিয়া বাহিৰত হোটেল বা পাৰ্কত লগ হৈ কথা বতৰা পাতিবলৈ ধৰিলে,

এদিনৰ কথা ল'ৰা জনে ছোৱালী জনীলৈ ফোন কৰিলে আৰু সি ছোৱালী জনীক দৰকাৰী কথা আছে বুলি কলে আৰু ছোৱালী জনীয়েও ল'ৰা জনক কলে মোৰো এটা দৰকাৰী কথা আছে তোমাক কবলৈ,,

ল'ৰা জনে ভাৱিলে আজি যিয়েই নহওক কিয় মই মোৰ ভালপোৱা কথা জনামেই,

আবেলি সময়ত পাৰ্কত দুয়ো লগ হ'ল ছোৱালী জনীয়ে কলে প্ৰথমে তোমাৰ কথাটো কোৱা তাৰ পাছত মই ক'ম,

ল'ৰা জনে কলে নহয় আগে তুমি কোৱা তাৰ পাছত মই ক'ম,

ছোৱালী জনীয়ে কলে ঠিক আছে তেন্তে শুনা, অহা সপ্তাহত মোৰ বিয়া আৰু তুমি হৈছা মোৰ বিয়াৰ আটাইতকৈ Special Guest, এতিয়া তোমাৰ কথাটো কোৱা,

ল'ৰাজনে ছোৱালীজনীৰ কথাটো শুনাৰ লগে লগে যেন তাৰ বুকুখন ফাটি যোৱাৰ দৰে অনুভৱ কৰিলে আৰু লাহেকৈ কলে, মোৰ কথাটো জনোৱাত বহু পলম হৈ গ'ল, অলপ সময়ৰ পাছত দুয়ো দুয়োকে বাই জনাই নিজৰ নিজৰ ঘৰলৈ গ'ল,

দুদিন পাছত ল'ৰা জনে ছোৱালী জনীলৈ ফোন কৰিলে আৰু পাৰ্কত লগ কৰিবলৈ কলে, আবেলি সময়ত দুয়ো লগ হ'ল আৰু ল'ৰা জনে ছোৱালী জনীক কলে, মই অহা কালিলৈ চেন্নাইত যাম বিশেষ কামৰ বাবে ১ মাহৰ কাৰনে গতিকে মই তোমাৰ বিয়াত থাকিব নোৱাৰিম মোক মাফ কৰি দিবা,

ছোৱালীজনীয়ে কবলৈ ধৰিলে, তুমি নাথাকিলে বিয়া কেনেকৈ হ'ব, ল'ৰাজনে কলে কিয় নহ'ব, সকলো আছেই তো, ছোৱালী জনীয়ে কলে কিন্তু মোৰ বিয়া যাৰ লগত হ'ব তেখেত যে থাকিবৈ লাগিব,

ল'ৰা জনে আচৰিত হৈ কলে, মানে কি কব খুজিছা, ছোৱালী জনীয়ে কলে, তোমাৰ বন্ধুজনে মোক ১মাহৰ আগতেই জনালে তুমি মোক ভালপোৱাৰ কথা, ল'ৰা জনৰ চকুত দুটোপাল চকুলো নিগৰি আহে আৰু সি I Love You বুলি কৈ ছোৱালী জনীক সাৱটি ধৰে, Love Too পাগল বুলি কৈ ছোৱালী জনিয়েও ল'ৰা জনক সাৱটি ধৰে ,


(কাহিনীটো পঢ়ি কেনেকুৱা পালে জনাবছোন
ভাল লাগিলে Share কৰিব)
ধন্যবাদ

1 comment: