Heart Touching Assamese Love Story - Assamese Romantic Love Story
তুলিকাই ইতিমধ্যে মনৰ পৰা সিদ্ধান্ত ল'লে। তাই অমৃতৰ লগত পলাই যোৱাটোকে ঠিৰাং কৰিলে। নোৱাৰে তাই অমৃতৰ অবিহনে জীয়াই থাকিবলৈ।
কি দোষ আছিল অমৃতৰ ? প্ৰকৃতিয়ে তাৰ লগত এক নিৰ্মম অত্যাচাৰ কৰিলে, সি মৰি মৰি জীয়াই আছে, এতিয়া তায়ো যদি তাক প্ৰতাৰণা কৰে তেন্তে সি সম্পূৰ্ণভাৱে হেৰাই যাব এই পৃথিৱীৰ পৰা।
নীহাৰিকা তুমি মোৰ আঁউসীৰ ৰাতিৰ
(প্ৰথম খণ্ড)
তুলিকাই ইতিমধ্যে মনৰ পৰা সিদ্ধান্ত ল'লে। তাই অমৃতৰ লগত পলাই যোৱাটোকে ঠিৰাং কৰিলে। নোৱাৰে তাই অমৃতৰ অবিহনে জীয়াই থাকিবলৈ।
কি দোষ আছিল অমৃতৰ ? প্ৰকৃতিয়ে তাৰ লগত এক নিৰ্মম অত্যাচাৰ কৰিলে, সি মৰি মৰি জীয়াই আছে, এতিয়া তায়ো যদি তাক প্ৰতাৰণা কৰে তেন্তে সি সম্পূৰ্ণভাৱে হেৰাই যাব এই পৃথিৱীৰ পৰা।
মাজনী অহাকালি তোমাৰ ফ্লাইটৰ টিকট কনফাৰ্ম। তুমি দিল্লীত গৈ দাদায়েৰা আৰু নবৌয়েৰাৰ লগত কিছুদিন থাকি আহাগৈ তোমাৰ মনটো বহুত fresh হ'ব ।আৰু তাৰ পৰা অহা কিছুদিন পিছতেই মোৰ বন্ধু দিগ্বিজয়ৰ একমাত্ৰ পুত্ৰ অভিনন্দনৰ লগত তোমাৰ বিয়াৰ date final কৰিম।
দেউতাকক প্ৰত্যুত্তৰত একো নকলে তুলিকাই,, কাৰণ তাই জানে দেউতাকক এতিয়া কিবা কৈ যে একো লাভ নহ'ব। দেউতাকৰ সিদ্ধান্ত সলনি কৰাৰ সাহস এইখন ঘৰত কাৰো নাই। দেউতাক ৰুমৰ পৰা ওলাই যোৱাৰ পিছতেই তাই কাগজৰ টুকুৰা এটা উলিয়াই লৈ লিখিবলৈ আৰম্ভ কৰিলে,
দেউতা মই তোমাৰ কথা ৰাখিম,, ময়ো এতিয়াহে অনুভৱ কৰিছোঁ কথাবোৰ,, তুমি ঠিকেই কৈছা দেউতা,, এজন বাক্ শক্তিহীন ল'ৰাৰ লগত বিয়া হৈ মই মোৰ সুন্দৰ জীৱনটো বিসৰ্জন দিয়াৰ কোনো অধিকাৰ নাই। sorry দেউতা মই সেই সৰু কথাটোকে নুবুজি তোমাৰ লগত এইকেইদিন বহুত তৰ্ক বিতৰ্ক কৰি আছিলোঁ। দেউতা মই অলপ বজাৰৰ পৰা আহো। কেইটামান প্ৰয়োজনীয় বস্তু কিনিব লগীয়া আছিল।
হৰ্ঠাৎ মাকৰ হাতৰ প্ৰচণ্ড চৰটো গালত পৰাত তুলিকা থকথককৈ কঁপিব ধৰিলে। হয় তাই ঠিকেই অনুমান কৰিলে, তাই ঘৰৰ পৰা ওলোৱাৰ আগতেই মাকে ইতিমধ্যে কাগজৰ টুকুৰাটো পালে। মাক টোপনিত লালকাল দি আছিল, সেয়ে তাই কাগজৰ টুকুৰাটো লিখি দেউতাকৰ বেডৰুমৰ গাৰুটোৰ ওপৰত ৰাখিছিল। তাই ভৱাই নাছিল মাকে যে টোপনিৰ অভিনয়হে কৰি আছিল। সমগ্ৰ পৃথিৱীখন যেন আজি হেৰাই গৈছে তুলিকাৰ কাষৰ পৰা।
ইমান মিছা মৰম আৰু শ্ৰদ্ধা দেখুৱাই তুমি ঘৰৰ পৰা বিদায় লব খুজিছা মাজনী। মোৰ কলিজাৰ টুকুৰাটো আজি ইমান নিষ্ঠুৰ হৈ গলা যে মোলৈ শেষ চিঠিও লিখিব পৰা হ'লা। তুমি পলাই যাব খুজিছা নহয় অমৃতলৈ তেন্তে যোৱা মই মানা নকৰোঁ, কিন্তু তাৰ আগত মোক এটা প্ৰতিশ্ৰুতি দিয়া,, তুমি মোক কথা দিয়া যে মোৰ এই মূহুৰ্ত্ততে যদি কেনেবাকৈ মৃত্যুও হৈ যায়, তুমি মোৰ ফালে এবাৰো ভুলতেও ঘূৰি নোচোৱা। কথা দিয়া মাজনী,,, হৰ্ঠাৎ দেউতাক ঢলি পৰিল।
উচ্চ ৰক্তচাপত ভোগা দেউতাকৰ কৰুণ চকুযোৰে হিয়াখন থকাসৰকা কৰিলে তুলিকাৰ। হে প্ৰভু মোক ক্ষমা কৰা,, মোৰ দেউতাক ঠিক কৰি দিয়া প্ৰভু,, মই দেউতাক আৰু কেতিয়াও দুখ নিদিওঁ প্ৰতিশ্ৰুতি দিলো,, প্লীজ দেউতাক ঠিক কৰি দিয়ানা।
ঈশ্বৰক ধন্যবাদ জনাওঁক, আপোনাৰ স্বামী বৰ্তমান সম্পূৰ্ণ সুস্থ,, আবেলি ৰিলিজ দিবই পাৰিম। কথাষাৰ শুনাৰ লগতে তুলিকাৰ মাকৰ দুচকুৰে দুটুপি আনন্দৰ অশ্ৰু নিগৰিল।
একো নজনালে অভিনন্দনক তাই অমৃতৰ কথা। মাত্ৰ এমাহৰ ভিতৰতেই দুয়োটা পৰিয়াল মিলি বিয়াৰ তাৰিখেই final কৰিলে। অভিনন্দনক তাই কথাবোৰ কোৱাৰ সুযোগ নোপোৱা নহয়,, কিন্তু ভয় হৈছিল কেনেবাকৈ যদি তাই তাক কথাবোৰ খুলি কোৱাৰ পিছত সি কিবা কাৰণত ভুল বুজি তাইৰ পৰা আতৰি যায়,, পুনৰ দেউতাকে আঘাত পাব। বিয়াৰ এসপ্তাহ পিছতেই অভিয়ে তাইক লৈ আহিল মুম্বাইলৈ।
অভি অফিচ যোৱাৰ পিছতেই স্মৃতিৰ দুৱাৰত সদায় টুকুৰিয়াই অমৃতে। কিমান ছাগে দুখ পাইছে সি,,, অপৰিসীম যন্ত্ৰণাত হয়টো হিয়াখন ভাঙি চূড়মাৰ হৈ গ'ল তাৰ। আজিও মনত পৰে সেই দিনটো আৰু মনত পৰাৰ লগে লগেই মূৰটো আচন্দ্ৰাই কৰি তোলে তুলিকাৰ।
দ্বিতীয় খণ্ড
No comments:
Post a Comment