Breaking

Saturday, 20 June 2020

জোনাকৰ সন্ধানত _ Jonakar Khandhanat | প্ৰথম খণ্ড Story


জোনাকৰ সন্ধানত (Jonakar Khandhanat)




প্ৰথম খণ্ড 

পাহি কি খবৰ তোমাৰ ?

হঠাৎ চিনাকি মাতটো শুনি চক খাই উঠিল পাহি ।
মনটো পলকতে আনন্দৰ এচুমাই দোলা দি গল।
তাইৰ বেষ্ট ফ্ৰেন্ড নিশিক এনেকৈ হঠাতে লগ পাব বুলি সপোনতো ভৱা নাছিল। সিঁহতৰ এই মিঠা ক্ষণটো আৰু অলপ সজীৱ কৰি তুলিবলৈ দুয়োজনী এখন ৰেষ্টোৰেণ্টৰ ফালে খোজ দিলে।

পাহি আৰু নিশিতা ইউনিভাৰ্ছিটিত লগ হৈছিল। নিশিতাক পাহিয়ে নিশি বুলিয়েই মাতিছিল।নিশিতাৰ ঘৰ মহানগৰীতে আৰু পাহি জাগীৰোডৰ এখন ভিতৰুৱা গাঁৱৰ । ইউনিভাৰ্ছিটিৰ পৰা ওলোৱাৰ পিছত দুয়োজনীৰ মাজত ফোনত যোগাযোগ প্ৰায়ে হয়, কিন্তু লগ পোৱা নাছিল।

সেই ব্যক্তিজনৰ বিষয়ে ভাৱিছা নহয় জানোঁ পাহি ? দিন দুপৰতে সুৰাৰ ৰাগীত মত্ত হৈ থকা ব্যক্তি এজনৰ প্ৰতি কাৰো মনতেই ভাল মনোভাৱৰ সঞ্চাৰন নহয়। তুমিও হয়তো ইয়াৰ ব্যতিক্ৰমী নহয়। নিশিয়ে ৰেষ্টোৰেণ্ট খনৰ একোনত সুৰাৰ ৰাগীত মত্ত হৈ থকা যুৱকজনক উদ্দেশ্যি কলে।

সঁচাকৈ মই আচৰিত হৈছোঁ নিশি। আধুনিকতাৰ নামত মানুহৰ বিচাৰ বিবেচনা বোৰ ইমানেই পণ্য হৈ যাব ধৰিছে যে সংস্কাৰ নামৰ শব্দটোত দিনে দিনে ঘূণে খাব ধৰিছে। ব্যক্তিজনক লক্ষ্য কৰিলে বহুত সভ্য ঘৰৰ যেনেই অনুভৱ হয়,,পোছাক পৰিচ্ছদৰ পৰাও মাৰ্জিত আৰু ব্যক্তিত্বশালী যেন লাগে। কিন্তু তেওঁৰ এনে কৰ্মই যিকোনো মানুহৰ দৃষ্টিত নীচ হৈ ধৰা দিয়াটো স্বাভাৱিক। আচলতে এওঁলোক হৈছে সমাজৰ একো একোটা প্ৰদূষণ। এওঁলোকৰ পিতৃ মাতৃয়ে হয়টো সংস্কাৰ নামৰ শব্দটোৱে নিশিকালে। বহুত ক্ষোভেৰে একে উশাহতে কৈ শেষ কৰিলে পাহিয়ে ।

তুমি ভুল বুজিছা পাহি। তেওঁৰ ঘৰখন বহুত সংস্কাৰী। তেওঁক মই জানো বহুত ভালকৈ,
মোৰ দাদাৰ বহুত ভাল বন্ধু আছিল এসময়ত, চুবুৰীয়া হিচাপে আমাৰ ঘৰখনৰ লগত এটা ভাল সম্পৰ্কও আছে তেওঁলোকৰ ঘৰখনৰ লগত।
আচলতে কি জানা পাহি, সকলো মদাহীয়ে নষ্ট চৰিত্ৰৰ নহয়। পৰাণ চলিহাও তেনে এজন মদাহী। তেওঁৰ এটা সুন্দৰ ব্যক্তিত্ব আছে।

তাৰমানে যুৱকজনৰ নাম পৰাণ চলিহা ? কিন্তু কি দোষত তেওঁ নিজৰ জীৱনটো এনেকৈ দফন কৰিব খুজিছে। তুমি জানানে নিশি ?

চহৰৰ বিখ্যাত ব্যবসায়ী সৌৰভ চলিহাৰ একমাত্ৰ সন্তান পৰাণ দা। কিন্তু আভিজাত্যৰ অহংকাৰ মুঠেই নাই। উশৃংখল চৰিত্ৰৰ হোৱা হলে পঢ়া লিখা বাদ দি কেতিয়াবাই দেউতাকৰ অজস্ৰ সম্পত্তিৰ স্বত্বাধিকাৰী হৈ জীৱনটো উপভোগ কৰিব পাৰিলেহেঁতেন।। কিন্তু তেওঁ নিজৰ পৰিচয়েৰে উজ্বলিব খুজিছিল। অৰ্থনীতিত ফাৰ্ষ্ট ক্লাছ লৈ উত্তীৰ্ণ হোৱা পৰাণ দা কলেজৰ প্ৰবক্তা হিচাপে নিয়োগ হৈছিল। সৰুৰে পৰা শান্ত আৰু নিৰ্জু স্বভাৱৰ পৰাণ দা প্ৰেম - ভালপোৱা এইবোৰ শব্দ শুনিলেই লাজতে মুচকচ গৈছিল। কিন্তু এদিন আকস্মিকভাৱে তেওঁৰ জীৱনত এগৰাকী সুন্দৰীৰ আৰ্বিভাৱ হল প্ৰেয়সীৰ ৰূপত। হৃদয়ৰ সমস্ত মৰম আৰু ভালপোৱা উজাৰি আদৰণি জনালে তেওঁৰ জীৱন বনলৈ প্ৰেয়সী গৰাকীক। আৰু ঘৰত মাক দেউতাকৰ সৈতে আলোচনা কৰি প্ৰেয়সীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। কিন্তু আশ্চৰ্য্যজনক কথা কি জানা,, বিবাহৰ প্ৰস্তাৱত সুখী হোৱা নাছিল প্ৰেয়সী গৰাকী।

কিন্তু কিয় ? আচৰিত হৈ সুধিলে পাহিয়ে....

পৰাণদাৰ প্ৰেয়সী গৰাকীৰ মতে প্ৰেম ভালপোৱা এইবোৰ মাথো ক্ষন্তেকীয়া আনন্দ। কাৰোৱাক ভাল লাগিছে,, সেয়ে কিছু সময় একেলগে কটাইছে সেয়া চিম্পল কিন্তু সেইবুলি বিবাহ যে হবই লাগিব তেনে কোনো কথা নাছিল। এনেকৈয়ে এদিন আতৰি গৈছিল। আৰু তেতিয়াৰে পৰা পৰাণ দাই সুৰাৰ বটলকে জীৱনৰ লক্ষ্য কৰি লৈছে। কিছুদিন আগতে চাকৰিটোও ৰিজাইন দিলে। মাক গৰাকীক মাজে মাজে লগ পাওঁ,, তেখেতৰ হতাশাগ্ৰস্তা দুচকুৱে সদায় এটা আশাবাদী পথৰেই যেন সন্ধান কৰি আছে।


দ্বিতীয় খণ্ড :-


No comments:

Post a Comment