Breaking

Saturday, 20 June 2020

কবিতা:- অৰুন্ধতী_ Arundhuti


অৰুন্ধতী 



বহুত দিন হল জানা 
মোৰ আভ্যন্তৰীণ মনৰ 
ভিতৰত সংগোপনে থকা 
"মই" জনীৰ লগত কথা নপতাৰ,
আচলতে নিজস্বতা বোলা 
শব্দটোৱেই যেন আজি লুপ্তপ্ৰায় ।।

সৰুতে দেখিছিলোঁ মাৰ 
ব্যস্ততাৰ পৃথিৱীখন সৰু বৰ 
প্ৰতিটো কামৰ চাকনৈয়াত মাৰ 
কেবল খোজৰ খলকনি, 
অনুভৱক প্ৰবল কৰিব পৰা নাছিলোঁ 
হয়তো অপৈনত বাবেই ।।

কিন্তু অপেক্ষা কৰিছিলো 
মাৰ হাতৰ লাৱনী পৰশৰ, 
আজি অনুভৱী মোৰ হদয় 
তৰংগ নাৰীৰ জীৱনৰ 
ব্যস্ততাৰ সঁফুৰাৰ ভাঁজত।। 

মোৰ ভিতৰৰ "মই" জনীয়েও 
হয়তো বুজিছে সেয়ে 
তাই নকৰে অভিমান, নকৰে অভিযোগ,
মাজে মাজে কেতিয়াবা লৈ যায় 
মোক সপোনৰ শুকুলা ঘোঁৰাৰ 
পিঠিত স্মৃতিৰ মধুৰ কোলালৈ।।

কেতিয়াবা আঘোণৰ পকা 
ধানৰ মাজত, কেতিয়াবা বকুল 
তলত, কেতিয়াবা বৰপুখুৰীৰ 
পাৰত, কেতিয়াবা তিনি আলি 
কেকুঁৰিত তাই আৰু মই নিস্তব্ধ 
স্মৃতিৰ ৰূপালীম ঘাটত।। 

দুখ লাগে তেতিয়া যেতিয়া 
তাই অৰুন্ধতী হৈ জিলিকি ৰয় 
বিশাল আকাশৰ নীলিমাত 
সপোনৰ ৰদকাঁচলি পুনৰ হৈ পৰে 
ধূসৰ মোৰ জীৱন নদীৰ ব্যস্ততাৰ ঘাটত ।।


No comments:

Post a Comment