Breaking

Saturday, 20 June 2020

কবিতা:- মই এজন সৈনিকে কৈছোঁ


মই এজন সৈনিকে কৈছোঁ




মই এজন সৈনিকে কৈছোঁ 
যি বৰ্তমান সীমান্তৰ প্ৰহৰী জয়াল অৰণ্য, 
বোমা বাৰুদৰ শব্দ তথা
গভীৰ আতংকময় পৰিবেশেই যাৰ লগৰী।

পৃথিৱীখন যেতিয়া শুই পৰে শান্তিৰ সুখনিদ্ৰাত
আমি হওঁ জাগ্ৰত সীমান্তৰ ঝাৰণিৰ মাজত,
আমাৰ ৰক্তাক্ত খোলা দুচকুৱে 
দেশবাসীলৈ কঢ়িয়াই শান্তি অফুৰন্ত। 

কিন্তু মই জানোঁ মোৰ মায়ে কটায় 
বিনিদ্ৰ ৰজনী প্ৰতি নিশাই,
হৃদস্পন্দনৰ প্ৰবল শব্দত মা হয় কম্পিত
জানোচা তেওঁৰ কলিজাৰ টুকুৰাটো হৈ গল নিথৰ
জানোচা তেওঁৰ গৰ্ভৰ গৌৰব হৈ গল শূণ্য।

দেউতাই হেনোঁ ৰাতি উচাপ খাই খাই, 
বহি পৰে শেতেলীত বাৰ বাৰ 
বেয়া সপোনে খেদি ফুৰে উৰে ৰাতি 
দেউতাৰ সত্বাক,, দেউতা সেয়ে হয় হতাশ। 

যিটো সময়ত বন্দুকটো বুকুৰ মাজত লওঁ সাৱটি
সেইখিনি সময়ত মোৰ পত্নীয়ে 
শেতেলীত কৰে ইকাটি সিকাটি 
শিতানৰ গাৰুটোকে বুকুত সাৱটি,
বাৰে বাৰে চুই চাই কঁপালৰ ৰঙা আবিৰ 
ঢাকি ৰাখিব যেন আলফুলকৈ 
জোনৰ বুকুৰ ৰূপালী চেলেংখন আৰি।। 

মোৰ কণমানি পোনা দুটাই বৰ হেপাঁহেৰে 
সজাই ৰাখে অকনমান ঠাই 
শেতেলীৰ মাজভাগত অবুজ মৰম যতনাই
দেউতাকক মাজত লৈ যাব হেনোঁ সুখনিদ্ৰা। 

আৰু ঠিক তেতিয়াই, 
মোৰ দুচকু উপচি পৰে প্ৰচণ্ড জিঘ্ৰাংসাৰে 
শত্ৰুক বধাৰ পৰিকল্পনাৰে মই হও সস্ত্ৰম 
ভাৰত মাতাক জয় কৰাৰ আকাংক্ষাত 
মোৰ যাত্ৰা হয় অব্যাহত 
জীৱন - মৰণৰ অনিশ্চয়তা পথত।। 

লগৰ কেইবাজনো হ'ল নিহত,
কেইবাজনো আহত,
ধেৎ তেৰি চকুলোবোৰো নিগৰিব ভয় কৰে দেখোন সৈনিকৰ দুচকুত,
হয়তো দায়িত্ববোধৰ তাগিদাত। 
যিকেইজন বন্ধুৰ লগত কৰিছিলো বাৰ্তালাপ 
এক পল আগত, তেওঁলোক এতিয়া নিথৰ,, 

তেজৰ চেঁকুৰাৰ শেতেলীত 
তেঁওলোকৰ আজি চিৰশান্তিৰ সুখনিদ্ৰা।
তেঁওলোকৰ ছিন্ন বিচ্ছিন্ন 
ৰক্তাক্ত শৰীৰৰ টুকুৰাবোৰ গোটাই মেলি ঘৰলৈ লৈ অহাটোও যে আমাৰেই দায়িত্ব,, ত্ৰিৰংগা আৰু ফুলৰ মালাৰে কৰি সুসজ্জিত।

বুকুখন বুকু হৈ নাথাকে জানা ভাঙি ছিঙি 
যেন টুকুৰা টুকুৰ হৈ পৰিব খহি কলিজাটোৰ পৰা জীৱটো উলাই যোৱাৰ যেন হয় 
উপক্ৰম যেতিয়া শুনো তেওঁলোকৰ পৰিয়ালৰ কান্দোনৰ কলৰৱ।।

দুদিন পিছত হয়তো ময়ো হম,
একেখন নাওঁৰে যাত্ৰী।
পিতৃ - মাতৃ, পত্নী - সন্তানৰ বুকু কৰি খালি 
ময়ো হয়তো কৰিম যাত্ৰা অচিন দেশলৈ, 
মাগিম চিৰ মেলানি আপোনজনৰ পৃথিৱীৰ পৰা ত্ৰিৰংগাৰ তলত হয়তো আহিব 
মোৰো শৰীৰৰ এটুকুৰা অবিচ্ছেদ্য অংগ।। 

তথাপি মই নহওঁ হতাশ শ শ গৰাকী মাতৃক 
দিবলৈ সুৰক্ষা মই মৰি মৰিও লম হাজাৰ হাজাৰ 
জনম মুখত মাথোঁ এটি শব্দই হব উচ্চাৰিত 
জনম জনম বন্দে মাতৰম্, 
বন্দে মাতৰম্ বন্দে মাতৰম্

বি দ্ৰ =লাডাখত নিহত সৈন্যসকলক শ্ৰদ্ধাঞ্জলি জনাই এটি সৰু কবিতা,
Jai Hind 🙏


No comments:

Post a Comment