Breaking

Wednesday, 24 June 2020

প্ৰেগনেন্সি টেষ্টক লৈ এটি খুব গুৰুত্বপূৰ্ণ তথ্য যিটো তথ্য সকলোৱে জনা উচিত

প্ৰেগনেন্সি টেষ্ট (Pregnancy Test) ক লৈ এটি খুব গুৰুত্বপূৰ্ণ তথ্য যিটো তথ্য :- 

সকলোৱে জনা উচিত, বিশেষকৈ সৎ চৰিত্ৰৰ নাৰীসকলৰ বাবে 




বহু ক্ষেত্ৰত দেখা যায় যে অবিবাহিতা কোনোবা নাৰীৰ পিৰিয়ড বন্ধ হৈ গৈছে আৰু তেওঁ চিকিৎসকৰ ওচৰলৈ যোৱাত চিকিৎসকে প্ৰথমে তেওঁক প্ৰেগনেন্সি টেষ্ট (Pregnancy Test) কৰি লৈ আহিবলৈ কলে।
এনে অৱস্থাত প্ৰথমে হয়তো ৰোগীয়ে কব যে ছাৰ, মই অবিবাহিতা গতিকে ইয়াৰ প্ৰয়োজন কি ?

কিন্তু চিকিৎসকে কব যে, নহয় তুমি প্ৰথমে প্ৰেগনেন্সি টেষ্ট (Pregnancy Test) কৰিবই> লাগিব আৰু যাৰ ফলত বাধ্য হৈ উক্ত ৰোগী গৰাকীয়ে প্ৰেগনেন্সি টেষ্ট কৰি দেখা পায় যে ৰিজাল্ট পজেটিভ।

ফলস্বৰূপে ইয়াৰ পৰিণতি, ঘৰৰ মানুহ অবাক আৰু ৰোগী অজ্ঞান...
আৰু তাৰ পিছত স্বাভাৱিক ভাবে হতবাক হৈ ৰোগীৰ উত্তৰ হব যে, বিশ্বাস কৰক মই একো কৰা নাই,
কিন্তু ৰোগীৰ অবিভাৱকৰ প্ৰশ্ন হব, একো কৰা নাই যদি সন্তান কৰ পৰা আহিল ? যাৰ ফলত ৰোগীয়ে কান্দি কান্দি গৈ চিকিৎসক কব যে, ভগৱানৰ শপত বিশ্বাস কৰক ছাৰ, মই জীৱনত কেতিয়াও এইবোৰ অপকৰ্ম একো কৰা নাই,
কিন্তু এই সন্তান কৰ পৰা আহিল সেয়া মই একো নাজানো।

ইয়াৰ ফলত ৰোগীৰ অবিভাৱক যদি অন্ধবিশ্বাসী হয় তেন্তে তেওঁলোকে ভাবিব যে, হে ভগৱান আমাৰ ছোৱালী জনীক তেন্তে নিশ্চয় কিবা ভুত, প্ৰেতাত্মাই লম্ভিলে আৰু তাইৰ পেটত এই সন্তান নিশ্চয় সেই ভুত, প্ৰেতাত্মাৰে হব।

ইয়াৰ পিছত চিকিৎসকে আলট্ৰা চনোগ্ৰাফীৰ সহায় লব আৰু এই আলট্ৰা চনোগ্ৰাফীত দেখা যাব যে, ৰোগী আচলতে প্ৰেগনেন্ট নহয়, ৰোগীৰ তল পেটত কোনো ভ্ৰূণ নাই।

এতিয়া প্ৰশ্নটো হৈছে, ৰোগীৰ পেটত সন্তান নাই কিন্তু প্ৰেগনেন্সি টেষ্টত তেন্তে কিয় পজেটিভ আহিলে ?
আৰু ইয়াৰ উত্তৰ হৈছে, প্ৰেগনেন্সি টেষ্টত যি ষ্ট্ৰিপৰ দ্বাৰা টেষ্ট কৰা হয়, সেই ষ্ট্ৰিপ আচলতে সন্তান (Baby) ডিটেকটৰ নহয়।

এগৰাকী মহিলাই যেতিয়া সন্তান কনচিভ কৰে, তেতিয়া তেওঁৰ শৰীৰৰ পৰা ছয় দিনৰ ভিতৰত Human Chorionic Gonadotropin (HCG) নামৰ একপ্ৰকাৰৰ বিশেষ হৰমোন নিঃসৃত হয় যিবিধ হৰমোন ইউৰিনৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ হৈ যায়। আৰু এই হৰমোনবিধ মূলত Syncytiotrophoblast (প্লাচেন্টা অংশ) ৰক্ষাৰ হকে ব্যৱহৃত হয়। কিন্তু এই একেবিধ হৰমোনে আকৌ বিভিন্ন টিউমাৰ যেনে, Seminoma, Choriocarcinoma, Germ Cell Tumors, Hydatidiform Mole Formation, Teratoma with Elements of Choriocarcinoma ইত্যাদিৰ কাৰণেও নিঃসৃত হয় তথা হব পাৰে আৰু তেনে অৱস্থাত প্ৰেগনেন্সি টেষ্ট ভুলবশত পজেটিভ দেখুওৱাটো কোনো অস্বাভাৱিক কথা নহয়।

কিন্তু এনেকুৱা পৰিস্থিতিত কিছুমান পৱিত্ৰ চৰিত্ৰৰ গৰাকী অবিবাহিতা নাৰীয়ে নিজৰ আত্মসন্মান হেৰুৱাৰ ভয়, লাজ আৰু দুখতে প্ৰথম অৱস্থাত নাজানি নুবুজি আত্মহত্যাৰ পথ বাচি লব পাৰে।
গতিকে এই ক্ষেত্ৰত আপুনিও সতৰ্ক হওঁক আৰু আনকো সতৰ্ক কৰক। .

(পোষ্টটি দৰকাৰী যেন অনুভৱ হলে কপি চোৰ নকৰি অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক)
ধন্যবাদ।

No comments:

Post a Comment