Breaking

Wednesday, 22 September 2021

September 22, 2021

फेसबुक से हर महीने लाखों रुपए कैसे कमाए ? How to make money on facebook ?

How to make money on facebook ? | फेसबुक से हर महीने लाखों रुपए कैसे कमाए ?


how to make money on facebook pages 

आज के दिन पर सोशल मीडिया एक ऐसा पावर फुल प्लेटफार्म है, ये किसीको भी कुछ भी कर सकता है। किसीको जीरो से लेकर लाखों तक ले जा सकता है, और किसीको लाखों से जीरो तक ला सकता है। इस प्लेटफार्म मैं से एक है फेसबुक। 

फेसबुक से आप हजारों से लेकर लाखों तक हर महीने कमा सकते है। फेसबुक से पैसे कमाने का बहत तरीके है। आज हम आप को फेसबुक से पैसे कामनेका कुछ तरीके बताऊंगी, इसे पढ़कर आप भी आसानी से फेसबुक से हर महीने लाखो रुपए कमा सकते हो। 

फेसबुक से पैसे कमाने का 5 तरीका :
फेसबुक से पैसे कमानेका बहत सारे तरीके है, जैसे...
• फेसबुक पेज से पैसे कमा सकते है,
• फेसबुक ग्रुप से पैसे कमा सकते है,
• इंस्टेंट आर्टिकल से पैसे कमा सकते है,
• एफिलिएट मार्केटिंग से पैसे कमा सकते है,
• एडवरटाइजमेंट से पैसे कमा सकते है, 

Facebook Page se kaise paise kama sakte ho
आज कल फेसबुक सभी लोग यूज करते है, और सभी लोग मनोरंजन कालिए फेसबुक पर फोटो के साथ साथ विडियोज भी अपलोड करते है, लेकिन ये नही जानते की इसे कमाई भी होते है। अगर आप इस वीडियो को एक फेसबुक पेज बना कर अपलोड करे हैं, बाद मैं इस वीडियो को मोनिटेज करके पैसा कमा सकते हो। अगर आप जानते है फेसबुक पेज कैसे बनाए, तु आप जरूर इसे एक बार कोशिश करे। 

Facebook Group paisa earn kar sakte ho
फेसबुक पेज की तरह फेसबुक ग्रुप से भी आप पैसा कमा सकते हो। अगर आप का कोई यूट्यूब चैनल है या आप अभी जिस आर्टिकल पढ़ रही हो इसी तरह कोई वेबसाइट हो तो आप इस वीडियो या इस वेबसाइट की पोस्ट को फेसबुक पेज मई शेयर करके पैसे कमा सकते हो, यदि आप का यूट्यूब चैनल या वेबसाइट गूगल एडसेंस से अप्रूव है तू। 

Instant Article se bhi paise kama sakte ho
मेरा जो ये Memes Lover वेबसाइट है, यदि आप का भी इसी तरह कोई वेबसाइट है तू आप फेसबुक इंस्टेंट आर्टिकल से लिंक करके पैसे कमा सकते हो। आप जिस वेबसाइट को फेसबुक इंस्टेंट आर्टिकल से लिंक करुगी यदि इस वेबसाइट पर गूगल एडसेंस अप्रूव है, आप का डबल इनकम होगा, फेसबुक से भी और गूगल एडसेंस से भी कमाई होगा। 

Affiliate Marketing kar ke bhee paise earn kar sakte ho
अगर आप के फेसबुक पेज या ग्रुप मैं ज्यादा फॉलोवर्स है तू आप एफिलिएट मार्केटिंग करके हर महीने लाखों रुपए कमा सकते हो। इस केलिए आप अमेजन या फ्लिपकार्ट एफिलिएट प्रोग्राम को ज्वाइन करना होगा। इसके बाद किसी भी सीज का एफिलिएट लिंक आप का फेसबुक पेज या ग्रुप शेयर कर सकते हो। यदि इस एफिलिएट लिंक से कोई कस्टमर ऑनलाइन किसीभी सीज खरीदे तु आपको कमीशन मिलेगा। इसी तरह एफिलिएट मार्केटिंग से पैसे कमा सकते हो। 

Advertisement se bhi hajaru paisa kama sakte ho
फेसबुक पेज पर जो वीडियो अपलोड करके कमाई होता है वो वीडियो पर जो एड्स आते है इस एड्स से कमाई होता है। इसके अलावा आप किसी दूसरे का प्रमोशन करके भी अर्निंग कर सकते हो। किसी भी ब्रांड का रिव्यू करके हर महीने लाखों रुपए कमाई कर सकते हो। 

दोस्तो इस पोस्ट मैं आज केलिए इतनाही। आसा करता हो फेसबुक से पैसे कमाने का जो तरीका बताई हो  आपको अच्छा लगा होगा। इसी तरह और अच्छा अच्छा पोस्ट पाने कालिए हमारे साथ जुड़े रहिए। धन्यवाद।

Monday, 29 June 2020

June 29, 2020

এটা হৃদয়স্পৰ্শী অসমীয়া প্ৰেম কাহিনী | তৃতীয় তথা শেষ খণ্ড | Heart Touching Assamese Love Story

Heart Touching Assamese Love Story - Assamese Romantic Love Story


নীহাৰিকা তুমি মোৰ আঁউসীৰ ৰাতিৰ


(তৃতীয় তথা শেষ খণ্ড)


বান্ধবী প্ৰিয়াৰ মুখৰ পৰাই তুলিকাৰ সকলোবোৰ খবৰ পাই থাকে অমৃতে। তাইৰ সুখেই তাৰো কাম্য আছিল। সি ভালকৈয়ে জানে তাই কি সমস্যাৰ সন্মুখীন হৈ বেলেগৰ লগত বিবাহপাশত আবদ্ধ হব লগা হ'ল। সি বেয়া পোৱা নাছিল,, কাৰণ তাৰ পঙ্গু জীৱনটোৰ লগত সি তুলিকাক সাঙুৰিব খোজা নাছিল। আজি সি বহুত মৰ্মাহত হৈছিল তুলিকাৰ খবৰবোৰ শুনি।

চোৱা বাবা, তাই মোৰো বহুত পচন্দৰ আছিল ,,পৰিস্থিতিয়ে আজি তোমালোকক বিচ্ছেদ কৰিলে,, তাৰ বাবে মই তুলিকাক দোষ দিয়া নাই। কিন্তু তুমি আজি যিটো সিদ্ধান্ত লৈছা সেইটো মই উচিত বুলি নাভাবোঁ।

কিন্তু কিয় মা, পুনৰ কাগজৰ টুকুৰাটো আগবঢ়ালে অমৃতে। বাক্ শক্তি হেৰুৱাৰ পিছত সি এনেকৈয়ে কথা পাতে মাক দেউতাকৰ লগত।

কাৰণ তাই সন্তান সম্ভৱা। মই নিবিচাৰো তাই অন্য এজনৰ সন্তান এটা লৈ আহি মোৰ ঘৰত প্ৰবেশ কৰাটো আৰু অন্য এজন পিতৃৰ সন্তানটো তোমাৰ পৰিচয়েৰে পৰিচিত হোৱাটো।

এটা হুমুনিয়াহ এৰিলে অমৃতে। আৰু ক্ষন্তেক পিছতে এটা মেডিকেল ৰিপৰ্ট আনি মাকৰ হাতত তুলি দিলে লগতে এটা কাগজৰ টুকুৰা।

য'ত লিখা আছিল.....
"মা মই জানোঁ মোৰ এই মেডিকেল ৰিপৰ্ট টোৱে তোমালোকক তিলতিলকৈ আঘাত দিব,, সেয়ে বহুত সংগোপনে ৰাখিছিলোঁ ৰিপৰ্টটো। চিকিৎসক জনকো ৰিকুৱেষ্ট কৰিছিলোঁ যে কোনো কাৰণত জাতে মোৰ মা দেউতা জ্ঞাত নহয় মোৰ এই ৰিপৰ্টটোৰ বিষয়ে।। জানিছিল কেবল তুলিকাই,, কাৰণ মই বাক্ শক্তি হেৰুৱাৰ পিছতো যেতিয়া তুলিকা মোৰ লগত বিয়াত বহিবলৈ ইচ্ছুক হৈছিল, তেতিয়া চিকিৎসক জনৰ দ্বাৰা সকলোবোৰ জনাব খুজিছিলোঁ মই,, জাতে তাই আতৰি যায় মোৰ জীৱনৰ পৰা,, কিন্তু সেই ৰিপৰ্ট টো পোৱাৰ পিছত হেনোঁ পাগলী জনীৰ হৃদয়ত মোৰ প্ৰতি অভিনৱ প্ৰেমৰ হে সৃষ্টি হৈ গল। " আৰু তাই হাঁহি হাঁহি কৈছিল,, তুমি সন্তান জন্ম দিয়াৰ ক্ষমতাহে হেৰুৱাইছা,, কিন্তু পিতৃ হোৱাৰ যোগ্যতা হেৰুৱা নাই,, কিমান অনাথ শিশু আছে এই পৃথিৱীত,, তাৰে এটা দেৱশিশু কোলাত তুলি ললেই দেখোন আমাৰ পিতৃ - মাতৃ হোৱাৰ সপোন পূৰ হ'ব।"

কাগজৰ টুকুৰাটো আলফুলে সামৰি চাদৰৰ আঁচলটোৰে চকুযোৰ মোহাৰি ললে অমৃতৰ মাকে।

বাবা বল আকৌ গাড়ী ষ্টাৰ্ট দে। মই দেউতাক ওলাবলৈ কওঁ,, এটা মিঁচিকিয়া হাঁহিৰে অমৃতক সমৰ্থন জনালে মাকে।

Congratulations এটা ল'ৰা সন্তান জন্ম হৈছে তোমাৰ পত্নীৰ। খবৰটোৱে অমৃতৰ পিতৃ মাতৃৰ লগতে তুলিকাৰ পিতৃ মাতৃকো অপৰিসীম আনন্দ দিলে।


এটা নিষ্পাপ সৰল শিশুৰ টানি টানি মেলা চকুজুৰি একেথৰে চাই ৰ'ল অমৃতে। তাৰ বুকু জুৰ পেলাবলৈকে যেন ভগবানে এই স্বৰ্গীয় পাৰিজাত পাহ তাৰ হাতত তুলি দিলে। সি মাথোঁ ইমানেই জানে এই দেৱশিশুটোৰ শৰীৰত তুলিকাৰ তেজৰ খৰস্ৰোতা নদী বিয়পিছে,, যিখন নদীতেই মেলি দিছে তাৰ জীৱন নাওঁ। তুলিকাক সি ভাল পায় সাগৰৰ বিশালতাৰে আৰু তুলিকাৰ সন্তানকো একেই বিশালতাৰে ভাল পায় সি। অমৃতে আলফুলে তুলিকাৰ কপালত এটা তপত চুমা আঁকি দি হাজাৰটা সুখৰ স্বাগতম জনালে তথা শুভেচ্ছা। ❤️❤️❤️❤️

ধন্যবাদ ।
June 29, 2020

এটা হৃদয়স্পৰ্শী অসমীয়া প্ৰেম কাহিনী | দ্বিতীয় খণ্ড | Heart Touching Assamese Love Story

Heart Touching Assamese Love Story - Assamese Romantic Love Story

নীহাৰিকা তুমি মোৰ আঁউসীৰ ৰাতিৰ

(দ্বিতীয় খণ্ড) 

হেই তুলিকা তোমাৰ দেউতাই accept কৰিছে। মই আজি বহুত সাহসেৰে তোমাৰ দেউতাক কৈ দিলোঁ আমাৰ সম্পৰ্কৰ কথা স্পষ্টকৈ। আৰু তোমাৰ দেউতাই কি কলে জানা" তোমাৰ দৰে এজন জোঁৱাই পোৱাটো মোৰেই সৌভাগ্য,, I'm really very happy today,,, এতিয়াও মোৰ সকলোবোৰ সপোন সপোন যেন লাগি আছে জানা। মই আজি বহুত মিঠাই লৈ যাম তোমাৰ ঘৰত। আৰু শুনা তোমাৰ কঁপালত প্ৰথম এটা আবেগৰ চুমা যাচিম,, যিটো চুমা সাক্ষী হৈ ৰব আমাৰ এই মধুৰ দিনটোৰ",

শেষবাৰৰ বাবে শুনিছিল তাৰ আবেগ ভৰা মিঠা মাতষাৰ। কিছু সময়ৰ পিছত খবৰ পালে,, অমৃতৰ কাৰ এক্সিডেণ্ট,,,

বহুত মেজৰ অপাৰেচন হ'ল অমৃতৰ,, ভগবানৰ কৃপাত সকলো ঠিকেই আছিল,,কিন্তু এটা খবৰে সকলোকে মৌন কৰি পেলালে,, অমৃতে বাক্ শক্তি হেৰুৱাই পেলাইছে। ঘৰৰ একমাত্ৰ ল'ৰা সি। মাক দেউতাকৰ আলাসৰ লাৰু,,, কিন্তু আজি নিষ্ঠুৰ নিয়তিয়ে সকলোবোৰ যেন ধূলিসাৎ কৰি দিলে ক্ষণিকতে।

হেই তুলিকা কি ভাৱি আছা,, ঘৰলৈ মনত পৰি আছে নেকি,, দুচকু চলচলীয়া যে?? বলা আজি ইভিনিং তোমাক পাৰ্টী এটাত লৈ যাম। হৰ্ঠাৎ অভিৰ মাত শুনি তুলিকা সচকিত হৈ পৰিল।।

তাইৰ এতিয়াও অবিশ্বাস্য যেন লাগিছে পাৰ্টীৰ কথাবোৰ ,, সৰল যেন লগা অভিৰ আচল চৰিত্ৰটো আজি তাইৰ দুচকুত ধৰা পৰি গ'ল। কিমানজনী ছোৱালীক যে তাইৰ সন্মুখতে আলিঙ্গন কৰিলে,, কিমান বাৰ সিহঁতৰ দুগাল চুমাৰে ওপচাই দিলে তাৰ কোনো হিচাপ নাই। আৰু বেছি দুখ লাগিছিল তেতিয়া,, যেতিয়া তাৰ বন্ধু কিছুমানে তাৰ সন্মুখতে তাইক আলিঙ্গন কৰিব খুজিছিল,,, তাইৰ গালত জৱৰদস্তি চুমা যাচিব খুজিছিল আৰু অভিয়ে আতৰৰ পৰা চাই চাই হাঁহি আছিল। তাৰে এজনৰ গালত প্ৰচণ্ড চৰটো বহুৱাৰ লগতেই অভিৰ হাতৰে যে প্ৰচণ্ড চৰ এটা তাইৰ গালত পৰিব তাই কল্পনাই কৰা নাছিল,, সেয়ে তাই বেছি মৰ্মাহত হৈছিল।

দিনে দিনে অভিৰ চৰিত্ৰৰ বেছি অধপতন হবলৈ ধৰিলে। আজিকালিটো কোনো কোনো সুন্দৰীক কাৰত বহুৱাই লৈ লং ড্ৰাইভত যায়। মাজে মাজে তুলিকাৰ লগত চিনাকী কৰি দিবলৈয়ো লৈ আহে। সেই অসহায় মূহূৰ্ত্তত অমৃতলৈ মনত পৰে তাইৰ। অমৃতে তাইৰ গাত কোনোবাই হাত দিয়াটো বাদেই, কোনোবাই তাইলৈ দৃষ্টি নিক্ষেপ কৰিলেই তাৰ বুকু জ্বলি পুৰি ছাই হৈ গৈছিল।

খবৰটো শুনি বহুত সুখী হ'ল তুলিকা,,, তাই মা হব ওলাইছে,, হওঁক এই সু-খবৰটোৱে নিশ্চয় অভিক সুখী কৰিব আৰু এটা দেৱশিশুৰ সৰল হাঁহিয়ে তাক শুদ্ধ পথলৈ লৈ আহিব, তাইৰ দৃঢ় বিশ্বাস।

ইয়েছ এবৰ্চন,, তুমি এবৰ্চন কৰিব লাগিব আজিয়েই। কাৰণ এতিয়াই মোৰ পিতৃ হোৱাৰ ইচ্ছা নাই,, whole life পৰি আছে, আজিয়েই যে সন্তান লাগিব তাৰ কি মানে আছে কোৱা?

কিন্তু তোমাৰ আপত্তি কিয়?

মই নিবিচাৰো এইবোৰ দায়িত্ববোধত সোমাই মোৰ life টো এতিয়াই বৰবাদ কৰিবলৈ।

আৰু ময়ো সিদ্ধান্ত লৈ ললোঁ, মই এবৰ্চন নকৰোঁ কোনো কাৰণতে।

যদি তুমি এবৰ্চন নকৰা মই মানি লবলৈ বাধ্য হম যে তোমাৰ গৰ্ভত থকা সন্তানটো মোৰ নহয়,, বেলেগৰ সন্তান আৰু তেতিয়া তোমাক মই ডিৰ্ভোচ দিম।

অভিৰ গালত এটা প্ৰচণ্ড চৰ শোধাই পিছদিনাখনেই তাই মুম্বাই এৰিলে। অভিৰ উশৃংখল চৰিত্ৰটো নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ পিছতো তাই হাঁহিমুখে সমৰ্থন কৰিলে তাৰ ঔৰসত সৃষ্টি হোৱা ভ্ৰূণটো। মাতৃত্বৰ সোৱাদেৰে সৰগ সজোৱাৰ সপোনত কালিমা সানিব খোজা অভিক তাই কেতিয়াওঁ ক্ষমা নকৰে।

একমাত্ৰ জীয়েকৰ এনে হৃদয় বিদাৰক ঘটনাবোৰ শুনি মাক দেউতাক শোকত ম্ৰিয়মান হল,, এনে লাগিল যেন এসময়ত তুলিকাই লোৱা সিদ্ধান্তটোৱে শ্ৰেষ্ঠ আছিল। বান্ধবী প্ৰিয়াৰ দ্বাৰাই তুলিকাৰ সকলোবোৰ খবৰ পাই থাকে অমৃতে।তাইৰ সুখেই তাৰো কাম্য।সি ভালকৈ জানে তাই কি সমস্যাৰ সন্মুখীন হৈ বিবাহপাশত আবদ্ধ হব লগা হ'ল।

তৃতীয় তথা শেষ খণ্ড...
June 29, 2020

এটা হৃদয়স্পৰ্শী অসমীয়া প্ৰেম কাহিনী | প্ৰথম খণ্ড | Heart Touching Assamese Love Story

Heart Touching Assamese Love Story - Assamese Romantic Love Story

নীহাৰিকা তুমি মোৰ আঁউসীৰ ৰাতিৰ

(প্ৰথম খণ্ড) 


তুলিকাই ইতিমধ্যে মনৰ পৰা সিদ্ধান্ত ল'লে। তাই অমৃতৰ লগত পলাই যোৱাটোকে ঠিৰাং কৰিলে। নোৱাৰে তাই অমৃতৰ অবিহনে জীয়াই থাকিবলৈ।

কি দোষ আছিল অমৃতৰ ? প্ৰকৃতিয়ে তাৰ লগত এক নিৰ্মম অত্যাচাৰ কৰিলে, সি মৰি মৰি জীয়াই আছে, এতিয়া তায়ো যদি তাক প্ৰতাৰণা কৰে তেন্তে সি সম্পূৰ্ণভাৱে হেৰাই যাব এই পৃথিৱীৰ পৰা।


মাজনী অহাকালি তোমাৰ ফ্লাইটৰ টিকট কনফাৰ্ম। তুমি দিল্লীত গৈ দাদায়েৰা আৰু নবৌয়েৰাৰ লগত কিছুদিন থাকি আহাগৈ তোমাৰ মনটো বহুত fresh হ'ব ।আৰু তাৰ পৰা অহা কিছুদিন পিছতেই মোৰ বন্ধু দিগ্বিজয়ৰ একমাত্ৰ পুত্ৰ অভিনন্দনৰ লগত তোমাৰ বিয়াৰ date final কৰিম।

দেউতাকক প্ৰত্যুত্তৰত একো নকলে তুলিকাই,, কাৰণ তাই জানে দেউতাকক এতিয়া কিবা কৈ যে একো লাভ নহ'ব। দেউতাকৰ সিদ্ধান্ত সলনি কৰাৰ সাহস এইখন ঘৰত কাৰো নাই। দেউতাক ৰুমৰ পৰা ওলাই যোৱাৰ পিছতেই তাই কাগজৰ টুকুৰা এটা উলিয়াই লৈ লিখিবলৈ আৰম্ভ কৰিলে,

দেউতা মই তোমাৰ কথা ৰাখিম,, ময়ো এতিয়াহে অনুভৱ কৰিছোঁ কথাবোৰ,, তুমি ঠিকেই কৈছা দেউতা,, এজন বাক্ শক্তিহীন ল'ৰাৰ লগত বিয়া হৈ মই মোৰ সুন্দৰ জীৱনটো বিসৰ্জন দিয়াৰ কোনো অধিকাৰ নাই। sorry দেউতা মই সেই সৰু কথাটোকে নুবুজি তোমাৰ লগত এইকেইদিন বহুত তৰ্ক বিতৰ্ক কৰি আছিলোঁ। দেউতা মই অলপ বজাৰৰ পৰা আহো। কেইটামান প্ৰয়োজনীয় বস্তু কিনিব লগীয়া আছিল।

হৰ্ঠাৎ মাকৰ হাতৰ প্ৰচণ্ড চৰটো গালত পৰাত তুলিকা থকথককৈ কঁপিব ধৰিলে। হয় তাই ঠিকেই অনুমান কৰিলে, তাই ঘৰৰ পৰা ওলোৱাৰ আগতেই মাকে ইতিমধ্যে কাগজৰ টুকুৰাটো পালে। মাক টোপনিত লালকাল দি আছিল, সেয়ে তাই কাগজৰ টুকুৰাটো লিখি দেউতাকৰ বেডৰুমৰ গাৰুটোৰ ওপৰত ৰাখিছিল। তাই ভৱাই নাছিল মাকে যে টোপনিৰ অভিনয়হে কৰি আছিল। সমগ্ৰ পৃথিৱীখন যেন আজি হেৰাই গৈছে তুলিকাৰ কাষৰ পৰা।


ইমান মিছা মৰম আৰু শ্ৰদ্ধা দেখুৱাই তুমি ঘৰৰ পৰা বিদায় লব খুজিছা মাজনী। মোৰ কলিজাৰ টুকুৰাটো আজি ইমান নিষ্ঠুৰ হৈ গলা যে মোলৈ শেষ চিঠিও লিখিব পৰা হ'লা। তুমি পলাই যাব খুজিছা নহয় অমৃতলৈ তেন্তে যোৱা মই মানা নকৰোঁ, কিন্তু তাৰ আগত মোক এটা প্ৰতিশ্ৰুতি দিয়া,, তুমি মোক কথা দিয়া যে মোৰ এই মূহুৰ্ত্ততে যদি কেনেবাকৈ মৃত্যুও হৈ যায়, তুমি মোৰ ফালে এবাৰো ভুলতেও ঘূৰি নোচোৱা। কথা দিয়া মাজনী,,, হৰ্ঠাৎ দেউতাক ঢলি পৰিল।

উচ্চ ৰক্তচাপত ভোগা দেউতাকৰ কৰুণ চকুযোৰে হিয়াখন থকাসৰকা কৰিলে তুলিকাৰ। হে প্ৰভু মোক ক্ষমা কৰা,, মোৰ দেউতাক ঠিক কৰি দিয়া প্ৰভু,, মই দেউতাক আৰু কেতিয়াও দুখ নিদিওঁ প্ৰতিশ্ৰুতি দিলো,, প্লীজ দেউতাক ঠিক কৰি দিয়ানা।

ঈশ্বৰক ধন্যবাদ জনাওঁক, আপোনাৰ স্বামী বৰ্তমান সম্পূৰ্ণ সুস্থ,, আবেলি ৰিলিজ দিবই পাৰিম। কথাষাৰ শুনাৰ লগতে তুলিকাৰ মাকৰ দুচকুৰে দুটুপি আনন্দৰ অশ্ৰু নিগৰিল।

একো নজনালে অভিনন্দনক তাই অমৃতৰ কথা। মাত্ৰ এমাহৰ ভিতৰতেই দুয়োটা পৰিয়াল মিলি বিয়াৰ তাৰিখেই final কৰিলে। অভিনন্দনক তাই কথাবোৰ কোৱাৰ সুযোগ নোপোৱা নহয়,, কিন্তু ভয় হৈছিল কেনেবাকৈ যদি তাই তাক কথাবোৰ খুলি কোৱাৰ পিছত সি কিবা কাৰণত ভুল বুজি তাইৰ পৰা আতৰি যায়,, পুনৰ দেউতাকে আঘাত পাব। বিয়াৰ এসপ্তাহ পিছতেই অভিয়ে তাইক লৈ আহিল মুম্বাইলৈ।

অভি অফিচ যোৱাৰ পিছতেই স্মৃতিৰ দুৱাৰত সদায় টুকুৰিয়াই অমৃতে। কিমান ছাগে দুখ পাইছে সি,,, অপৰিসীম যন্ত্ৰণাত হয়টো হিয়াখন ভাঙি চূড়মাৰ হৈ গ'ল তাৰ। আজিও মনত পৰে সেই দিনটো আৰু মনত পৰাৰ লগে লগেই মূৰটো আচন্দ্ৰাই কৰি তোলে তুলিকাৰ।

দ্বিতীয় খণ্ড

June 29, 2020

চুপ থাক নগেন খাৰঘৰীয়া, তই মোৰ পিতৃ হোৱাৰ অধিকাৰ ইতিমধ্যে হেৰুৱাই পেলাইছ 🤣🤣 | Funny Story


চুপ থাক নগেন খাৰঘৰীয়া, তই মোৰ পিতৃ হোৱাৰ অধিকাৰ ইতিমধ্যে হেৰুৱাই পেলাইছ 🤣🤣 | Funny Story



পিতা :- পঢ়াৰ সময়ত ফাংফুঙ হা। কিবা এটা কৰিবলৈ মাতিলেই কবি এইখিনি পঢ়িব আছে, সেইখিনি লিখিব আছে কিবাকিবি আৰু যেতিয়াই ৰুমত আহি ছেগ কৰোঁ মানুহটোক ঠিকেই দেখোঁ টেবুলৰ ওচৰত,, কিন্তু কাণত সেইডাল কিবা হেড ফোন নে কিডাল লগাই ফালি থকাহে দেখোঁ দেখোন। মাৰক তেল মাৰি মাৰি মবাইল আনিলি হা। মাৰে পকেট মাৰি মাৰি মোক ভিক্ষাৰী বনাই দিলে।

পত্নী :- এই হ'ব চুপ মাৰি থাকা, আগলৈ নাই পিছলৈ নাই এটাই মাথোঁ ল'ৰা সাধি সাধি পাইছোঁ। তাকো শান্তি নিদিয়ে কিয় হয়নে।

পতি :- সি পৰীক্ষাত পাছ কৰিব পাৰিবনে এইটো গতিত হ'লে কোৱা। মোৰ নাক কাণ কাটিব আৰু হতশ্ৰী যোৱাটোৱে।

পত্নী :- হে হৰি মানুহটোৰ গাত শণি লাগিছে নেকি ঔ, ল'ৰাটোক হ'ল বুলি ইমান বকিব লাগেনে, ওপৰতে ল'ৰাৰ বাপেক হৈছা যে কিডাল বুজিবা। মাক হ'লে বুজিলা হয় ল' ৰা জন্ম দিয়াটো কিমান যন্ত্ৰণা।

পতি :- উঠোৱা আৰু অলপ মূৰৰ ওপৰত ওঠোৱা, পুতেৰক মূৰৰ ওপৰত ওঠাই লৈ নিজে ধুপুছকৈ পৰিবা চাবা, পৰিলেও কমডাল ভূইকঁপ হবনে ঔ এই কলগছৰ গুৰিডালত।

পত্নী :- কাক কৈছা গলগছৰ গুৰি বুলি হা, অ নিজৰ গাটোত যে মঙহ বুলিবলৈ একোৱেই নাই সেয়ে হিংসা হৈছে মোৰ স্বাস্থ্যটোক লৈ হয়নে। হাত ভৰিৰ অবস্থা কি চাবা বৰটোকোলাৰ লেংলেঙীয়া ঠেং দুখনেই আৰু, আকৌ মোক হাঁহিবলৈ আহে। শুনা মোৰ ল'ৰা পাছ কৰে ফেইল কৰে তাত মোৰ একোডাল আহে নাযায়। এনেও নো পাছ কৰাবোৰে কিডাল ফালিছে হয়নে । অ চহৰত ডাঙৰ ডাঙৰ স্কুল কলেজত পঢ়িব গৈ শেষ, কোনোবা টাউনীয়া চকৰী ফেঁটীৰ মেৰপাকত পৰি চবকে পাহৰে ঔ।
পতি :- মুঠতে শুনা তোমাৰ ল'ৰা যদি ফেইল কৰে, সি মোক দেউতা বুলি মতাৰ অধিকাৰ হেৰুৱাই পেলাব।

পত্নী :- হে হৰি, হে প্ৰভু জগন্নাথ, দেখিছা তোমালোকে নিজৰ একমাত্ৰ ল'ৰাটোক ইমান অভিশাপ দিছে ঔ, পাব পাব, ভগবানে চাই আছে সকলোবোৰ। অ অ কনপোনা তই যেনেতেনে হলেও পাছ কৰিবই লাগিব দেই, নহলে বাপেৰে নথব আৰু তোক।

পতি :- ইমান ৰাওচিব নালাগে । মুঠতে ফেইল কৰিলে মোক আৰু দেউতা বুলি মাতিব নিদিবা পুতেৰক, সেই অধিকাৰ হেৰুৱাই পেলাব সি 😠 আৰু ঐ ঐ নেউল, এতিয়া জুপুকা মাৰি মা _বাপেৰৰ ৰণ চাই থাকিব নালাগে সদায় সদায় একেসোপাই ৰামায়ণ, মহাভাৰত অশান্তি লাগিছে আও দেই।


পতি :- হেৰা পুৱাৰে পৰা টিলিঙা বজাই বজাই কিমান ঘোষা মাতিলা তাৰ হিচাপ নাই। পুতেৰে টিলিঙা বজালে পৰীক্ষাত পাছ নকৰে নহয়, অ সেইটো এতিয়াও অহা নাই যে নে মুখত ক'লা ছাঁই পৰিল পুতেৰৰ।

পত্নী :- সৌটো কণপোনা আহিল চোৱা। কচোন ক ৰীজাল্ট কেনেকুৱা ক।

কণপোনা :- প্ৰিন্সিপালৰ জীয়েক ফেইল, খগেন মাষ্টৰৰ পুতেক ফেইল, আমাৰ চুবুৰীৰ মালতী আৰু পখিলিও ফেইল।

পিতা :- হেৰৌ জহনীত যোৱা, তই আনৰ কথা কিয় পেঘেনীয়াই আছ তোৰ নিজৰ কথাটো নকৱ কিয়, আৰু মই কোৱা কথাটো মনত আছেনে নাই তোৰ, কৈছিলোঁ নহয় তই ফেইল কৰিলে মোক দেউতা বুলি মতাৰ অধিকাৰ হেৰুৱাই পেলাবি। ক ক, বাপেৰে তোৰ ৰীজাল্ট শুনি মিঠাই বিলাব যাব লাগিব নহয়।

কণপোনা :- চুপ থাক নগেন খাৰঘৰীয়া, তই মোৰ পিতৃ হোৱাৰ অধিকাৰ ইতিমধ্যে হেৰুৱাই পেলাইছ

Wednesday, 24 June 2020

June 24, 2020

প্ৰেগনেন্সি টেষ্টক লৈ এটি খুব গুৰুত্বপূৰ্ণ তথ্য যিটো তথ্য সকলোৱে জনা উচিত

প্ৰেগনেন্সি টেষ্ট (Pregnancy Test) ক লৈ এটি খুব গুৰুত্বপূৰ্ণ তথ্য যিটো তথ্য :- 

সকলোৱে জনা উচিত, বিশেষকৈ সৎ চৰিত্ৰৰ নাৰীসকলৰ বাবে 




বহু ক্ষেত্ৰত দেখা যায় যে অবিবাহিতা কোনোবা নাৰীৰ পিৰিয়ড বন্ধ হৈ গৈছে আৰু তেওঁ চিকিৎসকৰ ওচৰলৈ যোৱাত চিকিৎসকে প্ৰথমে তেওঁক প্ৰেগনেন্সি টেষ্ট (Pregnancy Test) কৰি লৈ আহিবলৈ কলে।
এনে অৱস্থাত প্ৰথমে হয়তো ৰোগীয়ে কব যে ছাৰ, মই অবিবাহিতা গতিকে ইয়াৰ প্ৰয়োজন কি ?

কিন্তু চিকিৎসকে কব যে, নহয় তুমি প্ৰথমে প্ৰেগনেন্সি টেষ্ট (Pregnancy Test) কৰিবই> লাগিব আৰু যাৰ ফলত বাধ্য হৈ উক্ত ৰোগী গৰাকীয়ে প্ৰেগনেন্সি টেষ্ট কৰি দেখা পায় যে ৰিজাল্ট পজেটিভ।

ফলস্বৰূপে ইয়াৰ পৰিণতি, ঘৰৰ মানুহ অবাক আৰু ৰোগী অজ্ঞান...
আৰু তাৰ পিছত স্বাভাৱিক ভাবে হতবাক হৈ ৰোগীৰ উত্তৰ হব যে, বিশ্বাস কৰক মই একো কৰা নাই,
কিন্তু ৰোগীৰ অবিভাৱকৰ প্ৰশ্ন হব, একো কৰা নাই যদি সন্তান কৰ পৰা আহিল ? যাৰ ফলত ৰোগীয়ে কান্দি কান্দি গৈ চিকিৎসক কব যে, ভগৱানৰ শপত বিশ্বাস কৰক ছাৰ, মই জীৱনত কেতিয়াও এইবোৰ অপকৰ্ম একো কৰা নাই,
কিন্তু এই সন্তান কৰ পৰা আহিল সেয়া মই একো নাজানো।

ইয়াৰ ফলত ৰোগীৰ অবিভাৱক যদি অন্ধবিশ্বাসী হয় তেন্তে তেওঁলোকে ভাবিব যে, হে ভগৱান আমাৰ ছোৱালী জনীক তেন্তে নিশ্চয় কিবা ভুত, প্ৰেতাত্মাই লম্ভিলে আৰু তাইৰ পেটত এই সন্তান নিশ্চয় সেই ভুত, প্ৰেতাত্মাৰে হব।

ইয়াৰ পিছত চিকিৎসকে আলট্ৰা চনোগ্ৰাফীৰ সহায় লব আৰু এই আলট্ৰা চনোগ্ৰাফীত দেখা যাব যে, ৰোগী আচলতে প্ৰেগনেন্ট নহয়, ৰোগীৰ তল পেটত কোনো ভ্ৰূণ নাই।

এতিয়া প্ৰশ্নটো হৈছে, ৰোগীৰ পেটত সন্তান নাই কিন্তু প্ৰেগনেন্সি টেষ্টত তেন্তে কিয় পজেটিভ আহিলে ?
আৰু ইয়াৰ উত্তৰ হৈছে, প্ৰেগনেন্সি টেষ্টত যি ষ্ট্ৰিপৰ দ্বাৰা টেষ্ট কৰা হয়, সেই ষ্ট্ৰিপ আচলতে সন্তান (Baby) ডিটেকটৰ নহয়।

এগৰাকী মহিলাই যেতিয়া সন্তান কনচিভ কৰে, তেতিয়া তেওঁৰ শৰীৰৰ পৰা ছয় দিনৰ ভিতৰত Human Chorionic Gonadotropin (HCG) নামৰ একপ্ৰকাৰৰ বিশেষ হৰমোন নিঃসৃত হয় যিবিধ হৰমোন ইউৰিনৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ হৈ যায়। আৰু এই হৰমোনবিধ মূলত Syncytiotrophoblast (প্লাচেন্টা অংশ) ৰক্ষাৰ হকে ব্যৱহৃত হয়। কিন্তু এই একেবিধ হৰমোনে আকৌ বিভিন্ন টিউমাৰ যেনে, Seminoma, Choriocarcinoma, Germ Cell Tumors, Hydatidiform Mole Formation, Teratoma with Elements of Choriocarcinoma ইত্যাদিৰ কাৰণেও নিঃসৃত হয় তথা হব পাৰে আৰু তেনে অৱস্থাত প্ৰেগনেন্সি টেষ্ট ভুলবশত পজেটিভ দেখুওৱাটো কোনো অস্বাভাৱিক কথা নহয়।

কিন্তু এনেকুৱা পৰিস্থিতিত কিছুমান পৱিত্ৰ চৰিত্ৰৰ গৰাকী অবিবাহিতা নাৰীয়ে নিজৰ আত্মসন্মান হেৰুৱাৰ ভয়, লাজ আৰু দুখতে প্ৰথম অৱস্থাত নাজানি নুবুজি আত্মহত্যাৰ পথ বাচি লব পাৰে।
গতিকে এই ক্ষেত্ৰত আপুনিও সতৰ্ক হওঁক আৰু আনকো সতৰ্ক কৰক। .

(পোষ্টটি দৰকাৰী যেন অনুভৱ হলে কপি চোৰ নকৰি অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক)
ধন্যবাদ।

Sunday, 21 June 2020

June 21, 2020

সুুন্দৰ এটি প্রেম কাহিনী ( Beautiful Love Story )

সুুন্দৰ এটি প্রেম কাহিনী ( Beautiful Love Story )




কলেজত এজন ল'ৰাই এজনী ছোৱালীক মনে মনে বহুত ভাল পাইছিল,অলপ দিনৰ পাছত ল'ৰা জনে ছোৱালী জনীৰ সৈতে Friendship কৰিলে,

লাহে লাহে তেওঁলোক দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক গভীৰ হৈ পৰিল আৰু ল'ৰা জনৰ প্ৰেম ভালপোৱাও গভীৰ হৈ পৰিব ধৰিলে,

কিন্তু ল'ৰা জনে মনৰ কথা ছোৱালীজনীৰ সন্মুখত প্ৰকাশ কৰিবলৈ ভয় খাইছিল যদি ছোৱালী জনীয়ে তাৰ Propose Accept নকৰে আৰু যদি তাই বন্ধুত্ব ভাঙি পেলায় !!

ল'ৰা জনে বহুত কষ্ট সহ্য কৰি নিজৰ ভালপোৱা কথা গোপনে ৰাখে ছোৱালীজনীৰ পৰা,

লাহে লাহে কলেজ শেষ হ'ল আৰু তেওঁলোক দুয়ো এতিয়া বাহিৰত হোটেল বা পাৰ্কত লগ হৈ কথা বতৰা পাতিবলৈ ধৰিলে,

এদিনৰ কথা ল'ৰা জনে ছোৱালী জনীলৈ ফোন কৰিলে আৰু সি ছোৱালী জনীক দৰকাৰী কথা আছে বুলি কলে আৰু ছোৱালী জনীয়েও ল'ৰা জনক কলে মোৰো এটা দৰকাৰী কথা আছে তোমাক কবলৈ,,

ল'ৰা জনে ভাৱিলে আজি যিয়েই নহওক কিয় মই মোৰ ভালপোৱা কথা জনামেই,

আবেলি সময়ত পাৰ্কত দুয়ো লগ হ'ল ছোৱালী জনীয়ে কলে প্ৰথমে তোমাৰ কথাটো কোৱা তাৰ পাছত মই ক'ম,

ল'ৰা জনে কলে নহয় আগে তুমি কোৱা তাৰ পাছত মই ক'ম,

ছোৱালী জনীয়ে কলে ঠিক আছে তেন্তে শুনা, অহা সপ্তাহত মোৰ বিয়া আৰু তুমি হৈছা মোৰ বিয়াৰ আটাইতকৈ Special Guest, এতিয়া তোমাৰ কথাটো কোৱা,

ল'ৰাজনে ছোৱালীজনীৰ কথাটো শুনাৰ লগে লগে যেন তাৰ বুকুখন ফাটি যোৱাৰ দৰে অনুভৱ কৰিলে আৰু লাহেকৈ কলে, মোৰ কথাটো জনোৱাত বহু পলম হৈ গ'ল, অলপ সময়ৰ পাছত দুয়ো দুয়োকে বাই জনাই নিজৰ নিজৰ ঘৰলৈ গ'ল,

দুদিন পাছত ল'ৰা জনে ছোৱালী জনীলৈ ফোন কৰিলে আৰু পাৰ্কত লগ কৰিবলৈ কলে, আবেলি সময়ত দুয়ো লগ হ'ল আৰু ল'ৰা জনে ছোৱালী জনীক কলে, মই অহা কালিলৈ চেন্নাইত যাম বিশেষ কামৰ বাবে ১ মাহৰ কাৰনে গতিকে মই তোমাৰ বিয়াত থাকিব নোৱাৰিম মোক মাফ কৰি দিবা,

ছোৱালীজনীয়ে কবলৈ ধৰিলে, তুমি নাথাকিলে বিয়া কেনেকৈ হ'ব, ল'ৰাজনে কলে কিয় নহ'ব, সকলো আছেই তো, ছোৱালী জনীয়ে কলে কিন্তু মোৰ বিয়া যাৰ লগত হ'ব তেখেত যে থাকিবৈ লাগিব,

ল'ৰা জনে আচৰিত হৈ কলে, মানে কি কব খুজিছা, ছোৱালী জনীয়ে কলে, তোমাৰ বন্ধুজনে মোক ১মাহৰ আগতেই জনালে তুমি মোক ভালপোৱাৰ কথা, ল'ৰা জনৰ চকুত দুটোপাল চকুলো নিগৰি আহে আৰু সি I Love You বুলি কৈ ছোৱালী জনীক সাৱটি ধৰে, Love Too পাগল বুলি কৈ ছোৱালী জনিয়েও ল'ৰা জনক সাৱটি ধৰে ,


(কাহিনীটো পঢ়ি কেনেকুৱা পালে জনাবছোন
ভাল লাগিলে Share কৰিব)
ধন্যবাদ